Papon - Nanda Geet paroles de chanson

paroles de chanson Nanda Geet - Papon




নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
হ'ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
উন্মনা ৰাধিকা এবেলিৰ বেলা,
অ' বিৰহে নধৰেহি যি অসহনো জ্বালা;
কেনে ত্যাগী গ'লা কিয় এই বৃন্দাবন,
কেনে অবুজন প্ৰেম কিজানি কৰুণ,
সবাৰে কাৰণে তেওঁ হেনো ভগৱান;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
অ' ৰাধাই জানে ৰাধাই জানে প্ৰেম মানে কি,
বুকুৰে মাজেৰে বয় যমুনা নদী,
ৰাধাৰ প্ৰেম বিৰহৰ মাথোঁ বিৰহৰে উন্মাদ,
হৃদয়হীন কৃষ্ণই কি কৰিব অনুমান,
অনুভৱৰ সিপাৰত সেই প্ৰেম জোতিষ্মান;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
হ'ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন



Writer(s): Papon



Attention! N'hésitez pas à laisser des commentaires.