Zubeen Garg - Bisarisu текст песни

Текст песни Bisarisu - Zubeen Garg




বিছাৰিছো কাষৰতে সদায়ে তোমাক
হ'লাহি কি বুকুৰ আপোন ন'কও মই আনক
ফুলিব দিয়া তুমি মোলে অময়া মৰমক
নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহক
বিছাৰিছো কাষৰতে সদায়ে তোমাক
চেনেহৰে বিষ দিলা বাকি মোৰ
শোণিতৰে সোঁতে
গোপনে গোপনে ৰ'লা আহি মোৰ
আজলী হৃদয়তে
এলাগী এলাগী মন পদুলিতে
নমালা প্ৰীতিৰে জোনাক
এলাগী এলাগী মন পদুলিতে
নমালা প্ৰীতিৰে জোনাক
বিছাৰিছো কাষৰতে সদায়ে তোমাক
হ'লাহি কি বুকুৰ আপোন নক'ও মই আনক
উৰনীয়া উতনীৱা মোৰে মন
পিয়াসী তোমাৰ মন
দুৱো দুৱোটি ওঁঠত তোমাৰ নাম
ওমলি থাকে মাথোঁ
কোনে পাৰে বাধা দি ৰাখিব
আমাৰে এই মিলনক
কোনে পাৰে বাধা দি ৰাখিব
আমাৰে এই মিলনক
বিছাৰিছো কাষৰতে সদায়ে তোমাক
হ'লাহি কি বুকুৰ আপোন ন'কও মই আনক
ফুলিব দিয়া তুমি মোলে অময়া মৰমক
নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহক
বিছাৰিছো কাষৰতে সদায়ে তোমাক



Авторы: Hitesh Baruah



Внимание! Не стесняйтесь оставлять отзывы.